অসম

১ লাখ চাকৰি মই সম্পূৰ্ণ কৰিম, এতিয়ালৈকে ২৯ হাজাৰ নিবনুৱাৰ চাকৰি হৈ গ’লঃ মুখ্যমন্ত্ৰী

নিজৰ প্ৰতিশ্ৰুতি পুৰণৰ দিশত অটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

প্ৰতিশ্ৰুতি অনুসৰি এক লাখ চাকৰি সম্পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ।

শেহতীয়াভাৱে ৰাজ্যত প্ৰায় ২৩ হাজাৰ নিৱনুৱাক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ।

এইবাৰ পুনৰ ১০ হাজাৰ নিবনুৱাক চাকৰি দিবলৈ সাজু হৈছে চৰকাৰ।

মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত কয়- ১ লাখ চাকৰি মই সম্পূৰ্ণ কৰিম, এতিয়ালৈকে ২৯ হাজাৰ নিবনুৱাৰ চাকৰি হৈ গ’ল।অহা ডেৰমাহ দুমাহৰ ভিতৰত আৰু ১০ হাজাৰ হ’ব।’

আনহাতে অহা ৬ মাহৰ ভিতৰতে আৰু ৩০ হাজাৰ নিবনুৱাক নিযুক্তি প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়- ক’ভিডৰ সমস্যা নোহোৱা হ’লে প্ৰথম বছৰতে ১ লাখ নিযুক্তি সম্পূৰ্ণ হ’লহেতেন। এতিয়া প্ৰথম বছৰত নহ’ব প্ৰথম ডেৰবছৰত ১ লাখ নিযুক্তি সম্পূৰ্ণ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *