অসম

‘১ লাখ চাকৰি ক’ত? কেতিয়া?’-বিধানসভাৰ বাহিৰত অখিল গগৈৰ প্ৰতিবাদ…

বিধানসভাৰ শীতকালীন অদিৱেশনৰ অন্তিম দিনাও বিধানসভাৰ বাহিৰত অভিনৱ প্ৰতিবাদ বিধায়ক অখিল গগৈৰ।

নিয়োগ মেলাক লৈ বিধানসভাৰ বাহিৰত অখিল গগৈৰ প্ৰতীকী প্ৰতিবাদ।

‘১ লাখ চাকৰি ক’ত? কেতিয়া?’ লিখা টি-চাৰ্ট পিন্ধি প্ৰতিবাদ সাব্যস্ত অখিল গগৈৰ।

চৰকাৰৰ ব্যৰ্থ চাকৰি মেলাৰ বিৰুদ্ধে বিধানসভাৰ চৌহদত বিধায়ক অখিল গগৈয়ে এক অভিনৱ প্ৰতিবাদ সাৱ্যস্ত কৰে।

২৬ লাখ নিবনুৱাৰ সংস্থাপন লাগে বুলিও দাবী বিধায়কজনৰ।

কালিৰ দিনটোত অসমৰ শিক্ষিত নিবনুৱাক অসম চৰকাৰে চৰম অপমান কৰিছে বুলি গুৰুতৰ অভিযোগ অখিল গগৈৰ।

এক লাখ নিবনুৱাক গণি গণি চৰকাৰী চাকৰি দিম বুলি কোৱা মুখ্যমন্ত্ৰীৰ দম্ভালি ব্যৰ্থ বুলি উল্লেখ কৰে অখিলে।

তেওঁ মে মাহৰ ভিতৰত ১ লাখ নিবনুৱাক চৰকাৰী সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰে।

অখিল গগৈয়ে কয়, ‘মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পূৰণ কৰক। পদ খালী আছে কিন্তু বিত্ত বিভাগে অনুমোদন দিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে ১০ লাখক কৰ্মসংস্থাপন দিয়াৰ কথা কৈছিল। কিন্তু যোৱাকালি নিযোগ মেলাত কি হ’ল সকলোৱে দেখিলে। কালিৰ জব মেলাত কিমান পদ আছিল ৰাজহুৱা কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই চাৰ্টাৰ্ড ফ্লাইটত ঘূৰিলে নহ’ব। ১ লাখ নিবনুৱাক সংস্থাপন নিদিলে শান্তিত থাকিব দিয়া নহ’ব চৰকাৰক।’

Leave a Reply

Your email address will not be published. Required fields are marked *