অসম

১১ মে’ত অসমলৈ আহিব তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী

১১ মে’ত অসমলৈ আহিব তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী।

অসমত তৃণমূল কংগ্ৰেছৰ স্থিতি সম্প্ৰসাৰিত কৰিবলৈ অসমলৈ আহিব শীৰ্ষ নেতাগৰাকী।

বেনাৰ্জীয়ে গুৱাহাটীত এটা দলীয় কাৰ্যালয় উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে।

এই সময়ছোৱাত বেনাৰ্জীয়ে উত্তৰ-পূবৰ ৰাজ্যিক গোটসমূহৰ নেতাসকলৰ সৈতেও এক আলোচনাত মিলিত হ’ব।

উল্লেখ্য যে, অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠি পৰি লাগিছে দলটোৱে।

জানিব পৰা মতে, অসমত পঞ্চায়ত নিৰ্বাচনৰ পৰা নিজৰ অভিযান আৰম্ভ কৰিব দলটোৱে।

উল্লেখ্য যে কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগ দিছিল ৰিপুন বৰাই।

Leave a Reply

Your email address will not be published. Required fields are marked *