অসম

১০ ডিচেম্বৰৰ পৰা অসমত ১৫ শতাংশলৈ বৃদ্ধি পাব সুৰাৰ মূল্য…

ৰাজ্যত বৃদ্ধি পাব সুৰাৰ মূল্য।

অহা ১০ ডিচেম্বৰৰ পৰা ৰাজ্যত ১৫ শতাংশলৈ বৃদ্ধি পাব সুৰাৰ মূল্য।

অসম চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত থকা কৰ হ্ৰাসৰ ক্ষতিপূৰণ হিচাপে আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্ত।

যাৰ বাবে আবকাৰী শুল্ক বৃদ্ধিৰ ফলত ১০ ডিচেম্বৰৰ পৰা সুৰাৰ মূল্য ১৫ শতাংশলৈ বৃদ্ধি পাব।

অৱশ্যে সকলো সুৰাৰ ক্ষেত্ৰতে মূল্য বৃদ্ধি নাপায়। বীয়েৰ আৰু ৱাইনত কোনো কোনো অতিৰিক্ত কৰ আৰোপ কৰা নাই ৰাজ্য চৰকাৰে।

কেৱল অধিক মূল্যৰ সুৰাৰ ক্ষেত্ৰতহে কৰ আৰু অধিক বৃদ্ধি পাব।

জানিব পৰা অনুসৰি, ৰাজ্য চৰকাৰে ২০০১ চনৰ পিছৰে পৰা সুৰাৰ দোকান খোলাৰ ক্ষেত্ৰত কোনো ধৰণৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা নাই। অৱশ্যে বাৰ সমূহৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে।

বৰ্তমানে অসম চৰকাৰে ৰাজ্যৰ কিছু কিছু ঠাইত সুৰাৰ দোকান খোলাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৰ্তমানে ৰাজ্যত মুঠ ১২৩৪ খন সুৰাৰ দোকান আছে। ইয়াৰে ভিতৰত গুৱাহটী মহানগৰতেই সুৰাৰ বিপনীৰ সংখ্যা ৩১৮ খন। আনহাতে বাৰৰ সংখ্যা ৰাজ্যত সৰ্বমুঠ ৯৯৬ খন।

লগতে চাওকঃ

অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১৫ নম্বৰ অভিযুক্তক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *