প্ৰতিবাদ হয়তো আপুনি বহুত দেখিছে।
কিন্তু এইখন অসমতে সংঘটিত হৈছে এক ব্যতিক্ৰমী প্ৰতিবাদ।
এইবাৰ প্ৰেমৰ বাবেই ৰাজপথত প্ৰেমিকে বহিল অনশনত।
বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত অনশনত বহিল এজন প্ৰেমিকে।
যুৱকজনৰ নাম বাহাৰুল ইচলাম মজুমদাৰ।
হাইলাকান্দি জিলাৰ লালা থানাধীন শেৰালিপুৰ গাওঁৰ এগৰাকী যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিলে স্থানীয় ভিচিংচা গাঁৱৰ এগৰাকী যুৱতীৰ
প্ৰায় ৭ বছৰ প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল দুয়ো।
কিন্তু যুৱতী গৰাকীৰ পৰিয়ালে বাহাৰুললৈ বিয়া নিদিয়ে যুৱতী গৰাকীক। যুৱতীৰ পৰিয়ালে বাহাৰুলৰ পৰিবৰ্তে তেওঁৰ বিয়া ঠিক কৰিলে অন্য ঠাইত।
অৱশেষত উপায়ন্তৰ হৈ অনশনৰ পথ বাছি ললে প্ৰেমিক বাহাৰুলে।
হেৰুওৱা প্ৰেম ওভতাই বিচাৰি হাতত প্লেকাৰ্ড লৈ হাইলাকান্দি জিলাৰ আব্দুল্লাপুৰ আৰক্ষী চকীৰ সম্মুখতে অনশনত বহিল বাহাৰুল।
কিন্তু কিছু সময়ৰ পিছতে নিজৰ পৰিয়ালৰ অনুৰোধ আৰু আৰক্ষীৰ ৰঙা চকু দেখি অনশন ভংগ কৰিব লগীয়া হয় বাহাৰুলে।









