হিমালয়ৰ শুভ্ৰকোমল বক্ষত চিৰ দিনৰ বাবে হেৰাই গ’ল দীপশিখা, আজি কৰা হ’ব শেষকৃত্য সম্পন্ন…

পৰ্বতৰ বুকুতে হেৰাই গ’ল পৰ্বত ভালপোৱা ছোৱালীজনী।

আজি শেষকৃত্য সম্পন্ন কৰা হ’ব পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ।

দেওবাৰে নিশা গুৱাহাটী লৈ অনা হয় দীপশিখাৰ নশ্বৰদেহ।

দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানেৰে কঢ়িয়াই অনা হয় দীপশিখাৰ নশ্বৰদেহ।

image 63
হিমালয়ৰ শুভ্ৰকোমল বক্ষত চিৰ দিনৰ বাবে হেৰাই গ’ল দীপশিখা, আজি কৰা হ’ব শেষকৃত্য সম্পন্ন... 3

আজি অসম পৰ্বতাৰোহণ সন্থা নেহেৰু ষ্টেডিয়ামৰ কাৰ্যালয়লৈ নিয়া হ’ব দীপশিখাৰ নশ্বৰদেহ।

অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াৰ উপস্থিতিত অসম পৰ্বতাৰোহণ সন্থাই দীপশিখাৰ নশ্বৰ দেহলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াব।

তাৰ পিছতেই নেহেৰু ষ্টেডিয়ামৰ পৰা দীপশিখাৰ নশ্বৰদেহ নিয়া হ’ব ফটাশিলৰ গিৰ্জাঘৰলৈ। গিৰ্জাতে হ’ব ধৰ্মীয় বিদায় সভা।

photo1665044324 1
হিমালয়ৰ শুভ্ৰকোমল বক্ষত চিৰ দিনৰ বাবে হেৰাই গ’ল দীপশিখা, আজি কৰা হ’ব শেষকৃত্য সম্পন্ন... 4

গিৰ্জাৰ পৰা মালিগাঁৱৰ আদিংগিৰিলৈ নিয়া হ’ব নশ্বৰদেহ আৰু আদিংগিৰিতে শেষকৃত্য সম্পন্ন কৰা হ’ব দীপশিখাৰ।

উল্লেখ্য যে, পৰ্বতাৰোহণৰ প্ৰশিক্ষণ ল’বলৈ উত্তৰাখণ্ডলৈ গৈছিল অসম কন্যা দীপশিখা হাজৰিকা। কিন্তু হঠাৎ অহা হিমস্খলনৰ ফলত সন্ধানহীন হৈ পৰিছিল দীপশিখা।