অসম

সৰিয়হৰ ডুলিতে ভুত! কাজিৰঙাৰ দুই বনকৰ্মীসহ আটক কেইবাজনো…

সৰিয়হৰ ডুলিতে ভুত! কাজিৰঙাৰ দুই বনকৰ্মীসহ আটক কেইবাজনো।

এইবাৰ মাছৰ চোৰাং চিকাৰৰ সৈতে জড়িত থকাৰ অভিযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আটক কৰিছে দুজনকৈ বনকৰ্মীক।

আটকাধীন অস্থায়ী বনকৰ্মী দুজন বিশ্বনাথৰ ৰিঞ্জু দাস আৰু কঁহৰা বনাঞ্চলৰ কাৰ্তিকা বন শিবিৰৰ অভিজিৎ শইকীয়া।

আনহাতে বিশ্বনাথৰ তিনিজন মাছমৰীয়াকো আটক কৰিছে বন বিভাগে।

বন বিভাগে লাভ কৰা তথ্য অনুসৰি দীৰ্ঘদিনে অমৃত দাস ওৰফে লথু, বাবটু দাস, বাতু দাসৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছিল বনকৰ্মীদ্বয়ে।

উদ্যানৰ অন্তৰ্ভাগত মৎস্য চিকাৰ কৰাৰ ক্ষেত্ৰত বনকৰ্মীদুজনে সহায় কৰি আহিছিল মাছৰীয়াকেইজনক।

ইতিমধ্যে বন বিভাগে এক গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ধৃত বনকৰ্মী তথা মাছমৰীয়াকেইজনক।

উল্লেখ্য যে যোৱা ২৮ ডিচেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনৰ কাৰ্তিকা বন শিবিৰৰ বনকৰ্মীয়ে চোৰাং চিকাৰী প্ৰৱেশৰ তথ্য লাভ কৰিছিল পৰৱৰ্তী সময়চ চোৰাং চিকাৰীৰ সন্ধানত বন বিভাগ আৰু আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছিল।

সেই তদন্তৰ পম খেদিয়েই যোৱা ৩১ ডিচেম্বৰত ব্রহ্মপুত্রৰ পাৰত চাৰিখন জাল উদ্ধাৰ কৰিছিল বন বিভাগে।

সেই তথ্যৰ আধাৰতে শেহতীয়াকৈ তিনি মাছমৰীয়া আৰু বনকৰ্মীদ্বয়ক আটক কৰে বন বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *