স্বাধীন দেশে সম্পূৰ্ণ কৰিলে গৌৰৱোজ্বল ৭৫ টা বছৰ, আজি ৭৬ সংখ্যক স্বাধীনতা দিৱস…

স্বাধীনতাৰ মহাৰজত জয়ন্তী অৰ্থাৎ ৭৫ বছৰ অতিক্ৰম কৰি আজি স্বাধীন ভাৰতে ভৰি দিলে ৭৬ বছৰত।

আজিৰ দিনটোতেই বৃটিছৰ ২০০ বছৰীয়া পৰাধীনতাৰ শিকলি ছিঙি দেশবাসীয়ে স্বাধীনতা লাভ কৰিছিল।

এই উপলক্ষে সমগ্ৰ দেশতে আজি তিৰংগা উত্তোলন কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৬ সংখ্যক স্বাধীনতা দিৱসত দেশবাসীক শুভেচ্ছা জনাইছে।

image 108
স্বাধীন দেশে সম্পূৰ্ণ কৰিলে গৌৰৱোজ্বল ৭৫ টা বছৰ, আজি ৭৬ সংখ্যক স্বাধীনতা দিৱস… 2

দেশে এইবাৰ তিনিদিয়াকৈ উদযাপন কৰা স্বাধীনতা দিৱসৰ আজি তৃতীয়টো দিন।

বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ আজি সামৰণি পৰিব। একেদৰে সামৰণি পৰিব হৰ ঘৰ ত্ৰিৰংগৰ কাৰ্যসূচীৰো।

হৰ ঘৰ ত্ৰিৰংগ কাৰ্যসূচীৰ অধীনতেই ১৩ আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল যদিও আজি পৰম্পৰাগতভাৱেই দেশৰ বিভিন্ন প্ৰান্তত উত্তোলন কৰা হ’ব ৰাষ্ট্ৰীয় পতাকা।

প্ৰধানমন্ত্ৰী মোডীয়ে পুৱা ৭.৩০ বজাত লালকিল্লাত পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে।

দেশৰ অন্য প্ৰান্তৰ দৰেই অসমতো অতি ব্যাপক ভাৱে এইবাৰ উদযাপন কৰা হৈছে স্বাধীনতা দিৱস।

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে অন্যান্য জিলা সদৰত মন্ত্ৰীসকলে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।