স্বাধীনতা দিৱস উদযাপনক লৈ নতুন নিৰ্দেশনা, মানিব লাগিব এইসমূহ নিয়ম…

সমাগত স্বাধীনতা দিৱস।

ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে দেশে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস।

স্বাধীনতা দিৱস উদযাপনক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা।

image 1
স্বাধীনতা দিৱস উদযাপনক লৈ নতুন নিৰ্দেশনা, মানিব লাগিব এইসমূহ নিয়ম... 2

নিৰ্দেশনা অনুসৰি- ৰাজ্যিক ভিত্তিক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব পাৰিব ১৫০০জন ব্যক্তি।

জিলা পৰ্যায়ৰ কাৰ্যসূচীত ৫০০ তকৈ অধিক লোক আৰু মহকুমা পৰ্যায়ৰ কাৰ্যসূচীত ৩০০ তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।

স্থানীয়ভাৱে আয়োজিত কাৰ্যসূচীত ২০০ লোক উপস্থিত থকাৰ অনুমতি প্ৰদান।

আনহাতে প্ৰেক্ষাগৃহত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বহিব পৰা ক্ষমতাৰ ৫০ শতাংশ বা ২০০ লোকৰ তলত হ’ব লাগিব।

স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিয়ে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। লগতে চেনিটাইজেশ্যন ব্যৱস্থা কঠোৰভাৱে মানি চলিব লাগিব।

Leave a Comment