স্বগৃহলৈ অনা হ’ল অৰুণাচলত মৃত্যু হোৱা শ্ৰমিক দম্পতীৰ মৃতদেহ।
নিশা শােৱাপাটীতে অৰুণাচল প্ৰদেশৰ টুটিঙত অসমৰ দম্পতীক হত্যা কৰিছিল দুৰ্বৃত্তই।
অৰুণাচলত কাঠমিস্ত্ৰী হিচাপে কৰ্মৰত আছিল ফাৰুক আলী, নুৰেজা খাতুন।
বিজনীৰ দামুগাঁৱৰ বাসগৃহত শ্ৰমিক দম্পতীৰ মৃতদেহ উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।
জানিব পৰা মতে, চিৰাং জিলাৰ পানবাৰীৰ নিজ-দামুগাওঁৰ শ্ৰমিক ফাৰুক আলি আৰু তেওঁৰ অন্তঃসত্বা পত্নী নুৰেজা খাতুনক ৪ ছেপ্টেম্বৰৰ মাজনিশা অৰুণাচল প্ৰদেশৰ টুকিঙত হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই।
আত্মীয়ই প্ৰকাশ কৰা অনুসৰি, মৃত্যুৰ পূৰ্বে দম্পতীয়ে পৰিয়ালৰ লােকক ফােন কৰি কােনাে দুৰ্বৃত্ত নিশা তেওঁলােকৰ ঘৰত প্ৰৱেশ কৰা বুলি অৱগত কৰিছিল।
ইপিনে, নিহত দম্পতীৰ আত্মীয়ই এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ অসমৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰৰ দাবী কৰে।
লগতে মৃতদেহ দুটা স্বগৃহলৈ প্ৰেৰণ কৰিবলৈ সহায়ৰ বাবে কাতৰ অনুৰােধ জনাইছিল।
ইপিনে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষা নকৰাই পঠিয়াই দিয়াক কেন্দ্ৰ কৰি দল সংগঠনৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। মৰণোত্তৰ পৰীক্ষা নকৰাকৈ মৃতদেহ সৎকাৰ কৰা নহ’ব বুলিও দবী কৰিছে এবিএমছুৱে।