সুৰাপায়ীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ, সুৰাপান কৰি গাড়ি চলালে ভৰিব লাগিব ১০ হাজাৰৰ জৰিমনা…

শনিবাৰৰ পৰা আৰম্ভ হ’ল দুৰ্গা পূজা।

পূজাৰ সময়চোৱাত সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হ’ব পৰিবহণ বিভাগ।

সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব ১০ হাজাৰৰ জৰিমনা।

সুৰাপান কৰি গাড়ি চলালে ৬ মাহৰ বাবে বাতিল হ’ব চালকৰ লাইচেন্স। লগতে নিশাটো আৰক্ষী থানাতে থাকিব লাগিব চালক।

সুৰাপায়ীলৈ এই সতৰ্কবাণী পৰিবহণ বিষয়া গৌতম দাসৰ।

ইফালে দুচকীয়া বাহনত চালক-আৰোহীয়ে হেলমেট পৰিধান নকৰিলেও ভৰিব লাগিব জৰিমনা।

উল্লেখ্য যে দুৰ্গা পূজাৰ মহাষষ্ঠীৰ পূজাৰ দিনাই গুৱাহাটী জিলা পৰিবহন বিভাগে চলালে এই অভিযান।

ষষ্ঠীৰ নিশা চলোৱা অভিযানত পৰিবহণ বিভাগৰ জালত পৰিল বহু সুৰাপায়ী চালক।