অসমঅসমীয়া

সীমা সমস্যাঃ পৰিস্থিতিৰ বুজ ল’বলৈ একেলগে লাম্পীলৈ যাব অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়

অসম তথা মেঘালয়ৰ মাজত দীৰ্ঘ দিনে অব্যাহত থকা সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে শেহতীয়াকৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিশেষ উদ্যােগ লােৱা পৰিলক্ষিত হৈছে।

বিশেষকৈ সীমা সমস্যাক লৈ দুয়ােখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত একাধিকবাৰ বৈঠক অনুষ্ঠিত হৈছে।

ইপিনে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই প্ৰকাশ কৰা অনুসৰি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যুটীয়াভাৱে লাম্পী পৰিদৰ্শন কৰিব।

মূলতঃ বাস্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ অহা ১৭ নৱেম্বৰত তেওঁলােকে এই পৰিদৰ্শন কৰিব বুলি তেওঁ সংবাদ মাধ্যমত আগত প্ৰকাশ কৰে।

চাংমাই কয় যে দুয়োখন ৰাজ্যই দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদ সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

তেওঁ কয়, “আমি একেলগে আছোঁ আৰু আমি সীমা সমস্যা সমাধানৰ বাৰ্তা লৈ এই যুটীয়া ভ্ৰমণৰ জৰিয়তে অধিক পাৰস্পৰিক বিশ্বাস গঢ়ি তুলিব খুজিছাে।”

এই ভ্ৰমণকালত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে স্থানীয় লােকক সাক্ষাৎ কৰিব আৰু তেওঁলোকৰ সৈতে মত-বিনিময় কৰিব।

উল্লেখ্য যে অসম-মেঘালয়ৰ মাজত ১২ টা অঞ্চলত সীমা বিবাদ আছে যদিও দুয়োখন ৰাজ্যই প্ৰথমে সমাধানৰ বাবে ছয়টা “কম জটিল” ক্ষেত্ৰ চিনাক্ত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *