অসম

সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষীৰ ৬ জোৱানৰ পৰিয়ালৰ সদস্যক নিযুক্তি পত্ৰ প্ৰদান

সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষীৰ ৬ গৰাকী জোৱানৰ পৰিয়ালৰ সদস্যক নিযুক্তি পত্ৰ প্ৰদান।

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত ২৬ জুলাইত সংঘটিত সংঘৰ্ষত শ্বহীদ হোৱা অসম আৰক্ষীৰ ৬ জন জোৱানৰ পৰিয়ালৰ একোজনকৈ সদস্যক অসম চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰে।

বিজেপিৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ এশ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষে গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত এক কাৰ্যসূচীত শ্বহীদ জোৱান কেইজনৰ পৰিয়ালৰ সদস্যৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শ্বহীদ হোৱা জোৱান কেইগৰাকী হৈছে- মজৰুল হক, স্বপন ৰয়, চামচুৰ জামান বৰভূঞা, লিটন শুক্লবৈদ্য, নজমুল হুছেইন আৰু শ্যাম সুন্দৰ দুছাড।

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই ছয়গৰাকী জোৱানক মৰণোত্তৰভাৱে মুখ্যমন্ত্ৰীৰ পুলিচ মেডেলো প্ৰদান কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *