নিউজ ডেস্ক। ৰাজ্যৰ লাখ লাখ কৃষকক বঞ্চিত কৰি অসমৰ পৰা ম্যানমাৰলৈ অব্যাহত আছে সাৰৰ চােৰাং সৰবৰাহ।
অসমৰ কৃষকৰ বাবে আবন্টিত ৰাজসহায্য যুক্ত সাৰৰ চিণ্ডিকেটৰ সৈতে জড়িত হৈ পৰিছে কৃষি বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী, একাংশ আৰক্ষীৰ লগতে মধ্যভােগী চক্ৰ।
পুনৰ অসমৰ পৰা মিজোৰাম হৈ ম্যানমাৰলৈ অবৈধভাৱে নিয়াৰ পথত সাত ট্রাক ইউৰিয়া সাৰ জব্দ হােৱা ঘটনাই পুনৰ তাকেই প্ৰতিপন্ন কৰিছে।

উল্লেখ্য যে কাছাৰ আৰক্ষীয়ে জব্দ কৰা সাৰখিনি অসমৰ নগাঁও, বৰপেটা জিলাৰ পৰা এটা চক্ৰই ডিমা হাচাও হৈ মিজােৰামলৈ নিয়াৰ পৰিকল্পনা কৰিছিল।
কিন্তু এই বিষয়ে গােপন তথ্যৰ ভিত্তিত অভিযান চলাই কাছাৰ আৰক্ষীয়ে জিলাখনৰ লাইলাপুৰ আৰক্ষী চকীত চলোৱা তালাচীত ৪,৫০০ টা বস্তা ইউৰিয়া সাৰ কঢ়িওৱা ৭ খন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।
এই ইউৰিয়া সাৰৰ নাছিল কোনো বৈধ চালান।
এই সন্দৰ্ভত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত শ্যামলাল, যোগেন কিশোৰ, জয়নাল হক, শিশপাল যাদৱ, গণেশ ৰায় নামৰ ৫ জন চালকক গ্ৰেপ্তাৰ কৰিছে।
লগতে চাওকঃ
অসমত এনকাউণ্টাৰ চলা নাই, আৰক্ষীৰ ‘একশ্যন’ চলিছেঃ আৰক্ষী সঞ্চালকপ্ৰধান










