অসম

সাগৰৰ তলিত ’জয় আই অসম’ লিখা গামােচা প্ৰদৰ্শন অসমীয়া যুৱকৰ…

সাগৰৰ তলিত ‘জয় আই অসম’ লিখা গামোছা প্ৰদৰ্শন অসমীয়া যুৱকৰ।

অসমৰ যুৱক তথা বৰ্তমান আন্দামানৰ নিবাসী লক্ষ্য জ্যোতি নাথে সাগৰৰ তলিতো অসমক জিলিকাই তুলিছে। 

আন্দামান নিকোবৰ দীপপুঞ্জত কৰ্মৰত যুৱকজনে সাগৰৰ তলিত অসমীয়াৰ স্বাভিমান গামোছা লৈ এপাক বিহু নচাৰ প্ৰয়াস কৰে লক্ষ্যই। 

আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ নীল আইলেণ্ডৰ বংগোপ সাগৰৰ তলিত খোজকাঢ়ি ‘জয় আই অসম’ লিখা গামোছা প্ৰদৰ্শন কৰে।

উল্লেখ্য যে,  লক্ষ্য জ্যোতি নাথৰ ঘৰ বিশ্বনাথ জিলাৰ চতিয়াত যদিও চাকৰি সূত্ৰে বৰ্তমান আন্দামান নিকোবৰত থাকে।

কিন্তু নিজৰ মাতৃভূমিৰ পৰা শতযোজনত দূৰৈত থাকিও মাতৃভূমি অসমৰ প্ৰতি থকা এই প্ৰেমক প্ৰশংসা কৰিছে বহুলোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *