অবৈধভাৱে চাকৰি লোৱা অসম মীন নিগমৰ ২১৭ কৰ্মচাৰীক বৰ্খাস্ত, দৰমহা ওভোটাই দিয়াৰ নিৰ্দেশ

অসম মীন নিগমৰ ২১৭ কৰ্মচাৰীক বৰ্খাস্ত।

তৎকালে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হৈছে ২১৭ গৰাকীকৈ কৰ্মচাৰীক।

স্বজন-তোষণ আৰু উৎকোচৰ বিনিময়ত সম্পন্ন হৈছিল নিযুক্তি।

২০১৭ৰ পৰা ২০২১ ৰ ভিতৰত সম্পন্ন হৈছিল এই নিযুক্তি

সাক্ষাৎকাৰ তথা বিজ্ঞাপন অবিহনে সম্পন্ন হৈছিল এই নিযুক্তি। উলংঘা হৈছিল নিযুক্তিৰ সকলো নীতি-নিয়ম।

উচ্চক্ষমতা সম্পন্ন সমিতিৰ প্ৰতিবেদনত উন্মোচিত হৈছিল এই তথ্য।

ইয়াৰ আধাৰতে কেউজনলৈ শ্ব’কজ জাৰি কৰিছিল মীন নিগমে।

কিন্তু শ্ব’কজৰ উত্তৰত অসন্তুষ্ট মীন নিগম।

image 307
অবৈধভাৱে চাকৰি লোৱা অসম মীন নিগমৰ ২১৭ কৰ্মচাৰীক বৰ্খাস্ত, দৰমহা ওভোটাই দিয়াৰ নিৰ্দেশ 2

ইয়াৰ ভিত্তিতে অবৈধভাৱে নিযুক্তি প্ৰাপ্ত ২১৭ কৰ্মচাৰীক বৰ্খাস্ত কৰে মীন নিগমে।

লগতে কেউজনকে দৰমহা ওভোটাই দিয়াৰো নিৰ্দেশ প্ৰদান কৰিছে নিগমে।

নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ কাৰ্যকালত সম্পন্ন হৈছিল এই নিযুক্তি।

এই নিযুক্তি কেলংকাৰিত নিগমৰ প্ৰাক্তন OSD পদ্মকান্ত হাজৰিকা জড়িত থকাৰ অভিযোগ।

লগতে কেলেংকাৰীত নাম সাঙোৰ খাইছে তদানীন্তন দুই MD ৰো।