নাম সলনি হব মালিগাঁৱৰ পাণ্ডু ঘাট হৈ কামাখ্যা ধামলৈ যোৱা পথটিৰ।
গুৱাহাটী পৌৰ নিগমে এই গুৰুত্বপূৰ্ণ পথটিৰ নাম সলনি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।
এক বিবৃত্তি জাৰি কৰি গুৱাহাটী পৌৰ নিগমে কামাখ্যা-পাণ্ডু পথটোৰ নতুন নাম ‘স্বামী মুকুতানন্দ সৰস্বতী পথ’ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।
অৱশ্যে পথটোৰ নাম সলনি কৰাক লৈ কোনো স্থানীয় লোকৰ ওজৰ-আপত্তি থাকিলে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ ওচৰত আপত্তি দাখিল কৰিব পাৰিব।
১৫ দিনৰ ভিতৰত ৰাইজে তেওঁলোকৰ মতামত জনাব পাৰিব পৌৰ নিগমক।









