অসম

সলনি হ’ব কামাখ্যা-পাণ্ডু পথৰ নাম…

নাম সলনি হব মালিগাঁৱৰ পাণ্ডু ঘাট হৈ কামাখ্যা ধামলৈ যোৱা পথটিৰ।

গুৱাহাটী পৌৰ নিগমে এই গুৰুত্বপূৰ্ণ পথটিৰ নাম সলনি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

এক বিবৃত্তি জাৰি কৰি গুৱাহাটী পৌৰ নিগমে কামাখ্যা-পাণ্ডু পথটোৰ নতুন নাম ‘স্বামী মুকুতানন্দ সৰস্বতী পথ’ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

অৱশ্যে পথটোৰ নাম সলনি কৰাক লৈ কোনো স্থানীয় লোকৰ ওজৰ-আপত্তি থাকিলে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ ওচৰত আপত্তি দাখিল কৰিব পাৰিব।

১৫ দিনৰ ভিতৰত ৰাইজে তেওঁলোকৰ মতামত জনাব পাৰিব পৌৰ নিগমক।

Leave a Reply

Your email address will not be published. Required fields are marked *