মুম্বাইত সংগীতানুষ্ঠান মাজতেই কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ।
সোমবাৰে নিশা মুম্বাইৰ চেম্বুৰত কণ্ঠশিল্পী চনু নিগমৰ সংগীতানুষ্ঠানত সংঘটিত হয় এই অঘটন।
এই আক্ৰমণৰ ফলত চনু নিগমৰ দলৰ এজন সদস্য ৰব্বানী খান আঘাতপ্ৰাপ্ত হৈছে।
ঘটনাৰ সন্দৰ্ভত চনু নিগমে কয় যে অনুষ্ঠানৰ পিছত মোক এজন যুৱকে এখন চেলফি উঠিবলৈ বিচাৰিছিলে। কিন্তু মই বাধা দিয়াত যুৱক জনে মোৰ হাতত ধৰি লয়। লগে লগে মোক ৰক্ষা কৰিবৰ বাবে অহা ৰব্বানী খানক যুৱক জনে ঠেলি তলত পেলাই দিয়ে।পিছত যুৱক জনে মোকো ঠেলা মাৰি দিয়ে।
শিৱসেনাৰ বিধায়কৰ পুত্ৰই আক্ৰমণ কৰাৰ অভিযোগ।
চনু নিগমে লগতে কয় যে, অৱশ্যে মোক ঠেলা মাৰি দিয়া যুৱক জন বিধায়ক প্ৰকাশ ফাটাৰপেকাৰৰ পুত্ৰ স্বপ্নিল ফাটাৰপেকাৰ বুলি পিছত হে গম পাইছো।
ইতিমধ্যে বিধায়কগৰাকীৰ পুত্ৰৰ বিৰুদ্ধে কণ্ঠশিল্পীগৰাকীয়ে দাখিল কৰিছে এজাহাৰ।









