অসম

শোকাৱহ! হোলীৰ আনন্দৰ মাজতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল প্ৰতীম আৰু কৌশিকৰ….

হোলীৰ আনন্দৰ মাজতে এক শোকাৱহ ঘটনা।

নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল প্ৰতীম আৰু কৌশিকৰ।

হোলীৰ দিনটোতে কামৰূপৰ কমলপুৰত ঘটিল অঘটন।

পুঠিমাৰী নদীৰ পানীত ডুবি কৰুণ মৃত্যুক সাৱটিলে প্ৰতীম শৰ্মা (২১) আৰু কৌশিক শৰ্মা (১৯) নামৰ দুই যুৱকে।

তেওঁলোকে বিশ্বজিৎ দাস আৰু হৃষীকেশ শৰ্মা নামৰ আন দুজন বন্ধুৰ সৈতে হোলী খেলি নদীত গা ধুবলৈ গৈছিল।

দুই যুৱক নদীত নমাৰ পিছত পানীৰ তলৰ সোঁতে উটুৱাই নিয়ে।

স্থানীয় লোকে হৃষীকেশ আৰু বিশ্বজিতক জীৱিত অৱস্থাত উদ্ধাৰ কৰে যদিও প্ৰতীম আৰু কৌশিকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

সংকটজনক অৱস্থাত হৃষীকেশ আৰু বিশ্বজিতক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয়।

এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে স্থানীয় বিধায়ক দিগন্ত কলিতাই গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ললৈ সমবেদনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *