এক শোকাৱহ পথ দুৰ্ঘটনা।
ভয়ংকৰ দুৰ্ঘটনাত পতিত আই-১০ বাহন, বহিঃৰাজ্যৰ তিনি ছাত্ৰৰ কৰুণ মৃত্যু।
পশ্চিম গুৱাহাটীৰ বৰিহাটৰ সমীপৱৰ্তী ভোলাগাঁৱত নিশা প্রায় ১.৩০ বজাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
স্থানীয় লোকৰ পৰা জানিব পৰা মতে নিশা তীব্ৰ গতিৰে চানডুবিৰ দিশৰ পৰা মির্জা অভিমুখে আহি থকা অৱস্থাত ভোলাগাঁৱৰ ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, পথৰ দাঁতিত থকা এটা চালি ঘৰত তীব্ৰ গতিৰে আহি এ এছ ০১-এফ বি-৫২৪৯ নম্বৰৰ আইটেন গাড়ীখনে খুন্দা মাৰে। ফলত গাড়ীখনত থকা আই আই টি বঙৰাত অধ্যয়নৰত বহিঃৰাজ্যৰ ৫ জন ছাত্ৰৰ তিনিজনৰ মৃত্যু হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয়।
দুর্ঘটনাটো ইমানেই ভয়ানক আছিল যে আইটেন গাড়ীখন প্রায় ৪০ মিটাৰ দূৰৈত ছিটিকি পৰে আৰু সম্পূর্ণ ৰূপে বিধ্বস্ত হয়।
ঘটনাস্থলীতে হাৰিয়ানাৰ গুৰুগ্ৰামৰ জিতেন্দ্ৰ সিং যাদৱৰ পুত্ৰ অঙ্কিত ৰাও (২১) আৰু হাৰিয়ানা ফৰিদাবাদৰ জয় সিঙৰ পুত্ৰ ক্ষিতিজ সিং (২০)ৰ মৃত্যু হয়। আনহাতে, এক্সেল কেয়াৰ হস্পিতালত চিকিৎসাধীন অৱস্থাত মধ্য প্ৰদেশৰ ভূপালৰ মহাদেৱ জ্ঞানচান্দনিৰ পুত্ৰ মণিন জ্ঞানচান্দনি (২২) মৃত্যু হয়।
নিশাই পলাশবাৰী থানাৰ সহ উপ-পৰিদৰ্শক বিজয় কাথাৰৰ নেতৃত্বত যোৱা আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে আৰু দুৰ্ঘটনাত পতিত আইটেন গাড়ীখন থানালৈ লৈ যায়।
সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ আই চি ইউত আন দুজন ছাত্র সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত ছাত্ৰকেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত পৰিয়ালৰ লোকে বিমানেৰে নিজৰ গৃহলৈ নিয়াৰ ব্যৱস্থা কৰে।









