শোকাৱহ! বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল কুলদ্বীপৰ…

এক অতি শোকাৱহ ঘটনা।

বন্ধুৰ সৈতে নৈ গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী কিশোৰৰ।

মৰিগাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা।

মৰিগাঁও পাত্ৰবড়ীৰ কলঙত গা ধুবলৈ গৈ সলিল সমাধি এটি কিশোৰৰ।

মৃত ছাত্ৰজন শ’লমাৰীৰ নাথগাঁৱৰ সূৰ্য্য নাথৰ দ্বিতীয় পুত্ৰ কুলদ্বীপ নাথ বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, দেওবৰীয়া বন্ধৰ দিনত আনন্দৰ আমোদ ল’বলৈ তিনি বন্ধুৰ সৈতে কলং নৈত গা ধুবলৈ গৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ কুলদ্বীপে। তাৰ পিছতে সংঘটিত হয় এই অঘটন.

ইতিমধ্যে ধৰমতুল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

ছাত্ৰজনৰ এনে আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।