শোকাৱহ! নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল কলেজীয়া ছাত্ৰ ভাগ্যজ্যোতিৰ…

শিৱসাগৰৰ নামদাং নদীত অঘটন।

নামদাং নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল কলেজীয়া ছাত্ৰ ভাগ্যজ্যোতিৰ।

তিনি বন্ধুৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল কলেজীয়া ছাত্ৰজনৰ।

মৃত ছাত্ৰজন হৈছে মিছাজান লুণপুৰীয়া গাঁৱৰ ভাগ্যজ্যোতি বৰা।

photo 2022 06 13 13 01 55
শোকাৱহ! নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল কলেজীয়া ছাত্ৰ ভাগ্যজ্যোতিৰ... 2

নদীৰ গভীৰ পানীত সোমাই পৰা ছাত্ৰজনৰ মৃতদেহ স্থানীয় ৰাইজৰ সহযোগত পৰৱৰ্তী সময়ত উদ্ধাৰ কৰে প্ৰশাসনে।

দুই বন্ধু ত্ৰিদীপ বৰুৱা, পাৰ্থ দত্তৰ সৈতে নদীত গা ধুবলৈ যাওতে সংঘটিত হয় এই অঘটন।

ইতিমধ্যে আৰক্ষী সোধাপোছাৰ বাবে দুই বন্ধুক আটক কৰিছে।

নামতী শ্বহীদ পিয়লী ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ আছিল ত্ৰিদীপ বৰুৱা, পাৰ্থ দত্ত আৰু মৃত ভাগ্যজ্যোতি বৰা।

ছাত্ৰজনে সাঁতুৰিব নজনাৰ বাবেই গভীৰ পানীত সোমাই মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।