অসম

শোকাৱহ নাও দুৰ্ঘটনা! কৰুণ মৃত্যুক সাৱটিলে এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীয়ে…

মৰিগাঁও জিলাৰ মায়ঙৰ পকৰীয়া নৈত শোকাৱহ নাও দুৰ্ঘটনা।

নাও বুৰি সলিল সমাধি ঘটিল এগৰাকী কণমানি ছাত্ৰীৰ।

জাগীৰোড আৰু মায়ং থানাৰ সীমান্তবৰ্তী এলেকা কাউৰহাগী আৰু কলবাৰীৰ গাৱৰ মাজত নৈৰ মাজ ভাগত সংঘটিত দুৰ্ঘটনাটোত নিছাত বেগম নামৰ এগৰাকী ১০ বছৰীয়া কণমানিয়ে কৰুণ মৃত্যুক আকোৱালি লয়।

photo 2022 05 13 11 16 26 3

আন আঠ গৰাকী ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ সহকাৰী শিক্ষক এজনৰ সতে আন দিনাৰ দৰে স্কুল ছুটীৰ পিছত বিদ্যালয়ৰ পৰা এখন তুলুঙা নাৱৰে ঘৰলৈ উভতি অহাৰ সময়তে এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

ইপিনে কথমপি প্ৰাণৰক্ষা পৰে আন আঠ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু সহকাৰী শিক্ষকজনৰ।

photo 2022 05 13 11 16 54

শিক্ষক পিতৃ হবিবুৰ ৰহমানে নিজে শিক্ষকতা কৰা বিদ্যালয়তে অধ্যয়ন কৰিছিল ছাত্ৰী গৰাকীয়ে।

ঘটনাটো সংঘটিত হোৱাৰ পিচত চিঞৰ-বাখৰ শুনি স্থানীয় বহু লোক নৈৰ পাৰত উপস্থিত হয় আৰু ৰাইজৰ সহযোগত বাকীখিনিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নিছাত বেগমক প্ৰথম অৱস্থাত বিছাৰি পোৱা নাছিল যদিও কিছু সময় পিছতেই এখন জাল ৰ সহায়ত কনমানি জনিক মৃত অবস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নিছাত বেগমৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত।

লগতে চাওকঃ

শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা, দুজন পাইলটৰ মৃত্যু

G4 9

Leave a Reply

Your email address will not be published. Required fields are marked *