শোকাৱহ! নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুজন যুৱকৰ…

এক শোকাৱহ ঘটনা।

নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুজন যুৱকৰ।

লামডিঙৰ শাস্ত্ৰী গাঁৱৰ নদীত গা ধুবলৈ গৈ সংঘটিত হয় এই শোকাৱহ ঘটনা।

নিহত যুৱক দুজন লামডিং গান্ধী কলনিৰ নিৱাসী অভিষেক বাল্মিকী আৰু সত্যজিৎ ৰাউট বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, গৌতম ৰাউট নামৰ আন এজন যুৱকৰ প্ৰাণ ৰক্ষা পৰে।

জানিব পৰা মতে, ছয়-সাতজন যুৱকে লামডিঙৰ শাস্ত্ৰী গাঁৱৰ নদীত গা ধুবলৈ গৈছিল আৰু গা ধুই থকা অৱস্থাতে অভিষেক বাল্মিকী, সত্যজিৎ ৰাউট আৰু গৌতম ৰাউট নদীৰ কোবাল সোঁতত উটি যায়।

ততাতৈয়াকৈ লগত থকা সতীৰ্থ সকলে তিনিওজনকে উদ্ধাৰ কৰি লামডিঙৰ ৰে’লৱে চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসালয়লৈ অনাৰ সময়তে সত্যজিৎ ৰাউট আৰু অভিষেক বাল্মিকীৰ মৃত্যু হয়।

Leave a Comment