শোকাৱহ দুৰ্ঘটনা! চিকিৎসালয়ৰ পৰা ওভতাৰ পথত i20 বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এবছৰীয়া শিশুসহ একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু

নিউজ ডেস্ক। এক ভয়াৱহ দুৰ্ঘটনা।

চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত কৰুণ মৃত্যু এবছৰীয়া শিশুসহ একে পৰিয়ালৰ ৩ জন লােকৰ।

বিশ্বনাথ জিলাৰ চতিয়াৰ গেৰেকীত শুকুৰবাৰে নিশা ৮ বজাত সংঘটিত হয় এই শোকাৱহ পথ দুর্ঘটনা।

জানিব পৰা মতে, এখন i 20 বাহন আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে তিনিজন লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা।

photo 2022 09 03 11 57 30 2
শোকাৱহ দুৰ্ঘটনা! চিকিৎসালয়ৰ পৰা ওভতাৰ পথত i20 বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এবছৰীয়া শিশুসহ একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু 4

চতিয়াৰ পুৰণা চেণ্টাৰৰ বাসিন্দা তৌচিফ ৰহমান, তেওঁৰ পত্নী তবচ্ছুম আৰা, এবছৰীয়া ভতিজা জোহেব আনছাৰি ভাই-বোৱাৰী বিউটী আনছাৰি চিকিৎসাজনিত কাৰণত নিজা বাহনেৰে বিশ্বনাথ চাৰিআলিলৈ গৈছিল।

image 19
শোকাৱহ দুৰ্ঘটনা! চিকিৎসালয়ৰ পৰা ওভতাৰ পথত i20 বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এবছৰীয়া শিশুসহ একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু 5

এবছৰীয়া ভতিজা জোহেব আনছাৰিক চিকিৎসা কৰাৰ লগতে গৰ্ভৱতী পত্নীৰ স্বাস্থ্য পৰীক্ষা কৰাই AS-06J-1809 নম্বৰৰ i 20 বাহনখনেৰে তৌচিফ ৰহমানসহ আটায়ে ঘৰলৈ উলটি অহাৰ পথত চতিয়াৰ গেৰেকীৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্রাকে সন্মুখৰ পৰা খুন্দা মৰাত এই দুর্ঘটনা সংঘটিত হয়।

image 18
শোকাৱহ দুৰ্ঘটনা! চিকিৎসালয়ৰ পৰা ওভতাৰ পথত i20 বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এবছৰীয়া শিশুসহ একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু 6

ইতিমধ্যে দুৰ্ঘটনাত তৌচিফ ৰহমান (৩৫), তেওঁৰ ভাই-বোৱাৰী বিউটী আনছাৰি (৩০) আৰু ভতিজা জোহেব আনছাৰি (১ বছৰ) নিহত হৈছে।

আনহাতে, গুৰুতৰভাৱে আহত তৌচিফৰ পত্নী তবচ্ছুম আৰাক সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখনৰ চালকজনে পলায়ন কৰিবলৈ সক্ষম হয়।