শোকাৱহ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা বাইক আৰোহীৰ, দুজনৰ কৰুণ মৃত্যু…

এক শোকাৱহ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা বাইক আৰোহীৰ।

বৰপেটাৰ জিলাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতিত নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দুজন যুৱক।

নিহত যুৱক দুজন‌, আলোপতিৰ শান্তিপুৰৰ নুৰ মহম্মদৰ পুত্ৰ মফিজুৰ ৰহমান(১৯)আৰু নিচানৰ চৰৰ আবুল হুছেনৰ পুত্ৰ আবু তালেব(১৬) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দুয়োজনেই পশ্চিম আলোপতি ফকিৰপাৰা বজাৰত এখন গেৰেজত কাম কৰিছিল।

নিশা দোকান বন্ধ কৰি ঘৰলৈ ওভতাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুয়ো।

স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে ততাতৈয়াকৈ দুয়োকে আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ যায় যদিওঁ ইতিমধ্যে দুয়ো জনৰেই মৃত্যু হোৱা বুলি চিকিৎসকে জানিব দিয়ে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আলোপতি চৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফকৰ উদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

দূৰ্ঘটনাগ্ৰস্ত FZ বাইকখনৰ নম্বৰ হৈছে AS-15 U 1934.

এই ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোত এক শোকৰ ছাঁ বিৰাজ কৰিছে।