শোকাৱহ! তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী ৯ বছৰীয়া কণমানিৰ, উত্তপ্ত পৰিস্থিতি…

তামুলপুৰৰ লাওপাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বিয়া খাবলৈ গৈয়ে কাল হল এটা পৰিয়ালৰ।তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী ৯ বছৰীয়া কণমানিৰ।

প্ৰজ্ঞা পৰাজুলি(৯) নামৰ এজনী কণমানিৰ কৰুণ মৃত্যু।

গাড়ীৰ পৰা নামি পথ পাৰ হবলৈ লওঁতেই AS 14C-5521 নম্বৰৰ ডাম্পাৰ খনে মহতিয়াই নিয়ে কণমানি গৰাকীক।

জানিব পৰা মতে, উত্তৰ গুৱাহাটীৰ পৰা তামুলপুৰৰ মতিগাঁওত মাতৃৰ সৈতে বিয়া ঘৰলৈ আহিছিল কণমানিটো। পথৰ সিপাৰত থিয় হৈ থকা পিতৃক দেখি ৰাষ্টা পাৰ হ’ব খুজোতেই এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাৰ পিছতে ৰাইজে ৰাজপথত ৰখাই থলে বহু কেইখন ডাম্পৰ। ৰাইজে আৱদ্ধ কৰা দাম্পাৰৰ যাবতীয় নথি পত্ৰ নথকাত অধিক উত্তেজিত হৈ পৰে স্থানীয় লোক।

দুৰ্ঘটনাৰ পিছতে আৰক্ষীৰ সৈতেও হতাহতি লিপ্ত হয় স্থানীয় লোক তথা সংগঠনৰ লোক।

দুৰ্ঘটনাত আহত হৈছে মৃত কণমানি গৰাকীৰ পিতৃ প্ৰেম কাৰকি,আৰু তেওঁৰ মাতৃ।

ঘটনাস্থলীত তামুলপুৰ আৰু নাগ্ৰিজুলি আৰক্ষীয়ে আহি অৱশেষত নিয়ন্ত্ৰণ কৰে পৰিৱেশ।

দুৰ্ঘটনাত আহত পিতৃ মাতৃক ভৰ্তি কৰোৱা হয় নাগ্ৰিজুলি আদৰ্শ চিকিৎসালয়ত।

উল্লেখ যে, দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰ খনে পলায়ন কৰাৰ চেষ্টা কৰিছিল যদিও স্থানীও লোকে খেদি খেদি আৱদ্ধ কৰে।

Leave a Comment