অসম

শোকাৱহ! তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত এটা প্ৰকাণ্ড নাহৰফুটুকী…

এক শোকাৱহ ঘটনা।

দুলীয়াজানত তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত এটা প্ৰকাণ্ড নাহৰফুটুকী।

দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ পৰা ৰাজপথলৈ ওলাই অহা এটা নাহৰফুটুকীক এখক তীব্ৰবেগী বাহনে খুন্দা মৰাত থিতাতে নিহত হয় নাহৰফুটুকীটো।

নাহৰফুটুকীটো নিহত হোৱাৰ খবৰ বিয়পি পৰাত ঘটনাস্থলীত কেইবাশতাধিক লোক উপস্থিত হয়। ইয়াৰে একাংশই মৃত নাহৰফুটুকী বাঘটোৰ দাঁত, নখ আৰু নোম কাটি উধাও হয়।

উল্লেখযোগ্য যে নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

স্থানীয় ৰাইজে বন বিভাগক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈয় মৃত নাহৰফুটুকীটো বন বিভাগক গতাই দিয়ে।

অন্যহাতে নাহৰফুটুকীটো খুন্দিয়াই নিহত কৰা অচিনাক্ত গাড়ীখনৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছে দুলীয়াজান আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *