শোকাৱহ! গছৰ পৰা পৰি অকাল মৃত্যুক সাৱটিলে এগৰাকী ৩০ বছৰীয়া যুৱকে…

এক শোকাৱহ ঘটনা।

গছৰ পৰা পৰি অকাল মৃত্যুক সাৱটিলে ৩০ বছৰীয়া যুৱকে।

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধমধমাৰ আজানপুৰত সংঘটিত হৈছে এই ঘটনা।

এগৰাকী ৩০ বছৰীয়া যুৱকে গছৰ পৰা পৰি মৃত্যুৰ আঁকোৱালি ল’বলগীয়া হয়।

মৃত যুৱকজনৰ নাম তাইজুদ্দিন আলী(৩০)।

উল্লেখ্য যে, তাইজুদ্দিন আলী নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি গছ কটা কামত জড়িত হৈ আছিল।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে যুৱজনক ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিছিল যদিও আঘাত গুৰুতৰ হোৱা বাবে চিকিৎসকে জিএমচিএইচলৈ প্ৰেৰণ কৰে।

অৱশেষত গুৱাহাটীলৈ নিয়াৰ পথতে তাইজুদ্দিনৰ মৃত্যু ঘটে।

যুৱকজনৰ মৃত্যুত এতিয়া সমগ্ৰ ধমধমা অঞ্চলতে পৰিছে শোকৰ ছাঁ।