শোকাৱহ! খেতিপথাৰলৈ যাওঁতেই গড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী লোকে…

এক শোকাৱহ ঘটনা।

খেতিপথাৰলৈ যাওঁতেই গড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী লোকে।

বোকাখাতৰ কুৰুৱাবাহীৰ চহলা অঞ্চলত গঁড়ৰ আক্ৰমণত মৃত্যু হয় লোক গৰাকীৰ।

মৃত্যুমুখত পৰা লোকজন ৬০ বছৰীয়া তাৰচন চৌধুৰী বুলি  জানিব পৰা গৈছে।

পুৱা খেতিপথাৰলৈ গৈ থকা অৱস্থাতে বনাঞ্চলৰ পৰা আহি পথাৰত বিচৰণ কৰি থকা এটা গঁড়ে অতৰ্কিতে আক্ৰমণ কৰে।

এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।