শোকাৱহ! কলেজলৈ বুলি ওলাই গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে লোহিত আৰু ভূৱনেশ্বৰে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

কলেজলৈ বুলি ওলাই গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুগৰাকী ছাত্ৰই।

বোকাখাতত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত থিতাতে নিহত দুই কলেজৰ ছাত্ৰ হৈছে- ভূৱনেশ্বৰ পেগু আৰু লোহিত দলে।

এখন অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় বাইকত গৈ থকা ছাত্ৰদুজনক।

যাৰ ফলত থিতাতে নিহত হয় খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ ছাত্র দুগৰাকী।

বোকাখাতৰ পৰা জয়ানগৰলৈ গৈ থকা অৱস্থাত কোনো অচিন বাহনে মহতীয়াই নিয়ে এএছ ০৩এডি ৩৪৬৯ নম্বৰৰ কেটিএম বাইকসহ দুই ছাত্ৰক।

পৰৱৰ্তীসময়ত বোকাখাত যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা অজ্ঞাত বাহনখনৰ সন্ধাত বোকাখাত যান-বাহন আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।