অসম

শোকাবহ পথ দুৰ্ঘটনা! দুই কণমানি শিক্ষাৰ্থীসহ শিক্ষয়িত্ৰীৰ কৰুণ মৃত্যু…

নিউজ ডেস্ক। এক অতি শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত দুটি শিশু আৰু এগৰাকী শিক্ষয়িত্ৰীৰ কৰুণ মৃত্যু।

মঙলবাৰে বাক্সাৰ দাওধাৰাত সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটো।

দুচকীয়া বাহনত শিক্ষয়িত্ৰী আৰু শিশু দুটিয়ে ঘৰলৈ উভতি আহি থকাৰ সময়তে ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাওধাৰা অঞ্চলত এখন তীব্ৰবেগী ট্ৰাকে খুন্দিওৱাৰ ফলত এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

photo-2022-01-25-16-53-16

যাৰ ফলত দাওখাৰা হিমালয় পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী ৰিজিনা কুজুৰৰ লগতে দুই দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী ক্ৰমে কৃষ্টিনা দৈমাৰীৰ আৰু ভাৰ্লিনা ব্ৰহ্মৰ ঘটনাস্থলীতে থিতাতে নিহত হয়। 

অৱশ্যে দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাকখনৰ সৈতে চালকজনে শিমলা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

দুৰ্ঘটনা সংঘটিত কৰা ড্ৰাইভাৰজনে নিজকে খালেক আলী বুলি পৰিচয় দিছে।

ইফালে দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ যথেষ্ট উত্তেজিত হৈ পৰে আৰু শিমলা থানা চৌহদ ঘেৰাও কৰি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনত অগ্নিসংযোগ কৰে।

কিন্তু লগে লগে শিমলা থানাৰ আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

স্থানীয় ৰাইজে ইয়াতে ক্ষান্ত নাথাকি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীলৈ লক্ষ্য কৰি শিল নিক্ষেপো কৰে।

লগতে চাওকঃ

অসমৰ ধৃতিষ্মানক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান

G9

২২ মহীয়া শিশুৱে অৰ্ডাৰ দিলে ডেৰ লাখতকৈও অধিক মূল্যৰ আচবাব! হতবাক পিতৃ-মাতৃ

G8

Leave a Reply

Your email address will not be published. Required fields are marked *