শোকাবহ! তীৰ্থ ভ্ৰমণলৈ গৈ বহিঃৰাজ্যতে মৃত্যুক সাৱটিলে অসমৰ এগৰাকী মহিলাই, আকাশী পথেৰে স্বগৃহলৈ নশ্বৰ দেহ…

নিউজ ডেস্কঃ তীৰ্থ ভ্ৰমণলৈ গৈ বহিঃৰাজ্যত কৰুণ মৃত্যুক সাৱটি ল’লে অসমৰ এগৰাকী মহিলাই।

বান্ধৱীৰ সৈতে উৰিষ্যাৰ পুৰীলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ তাতেই ৪ দিন চিকিৎসাধীন হৈ থাকি মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে।

নিহত মহিলাগৰাকী উত্তৰ গুৱাহাটীৰ নিৱাসী অপৰ্ণা দাস বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, যোৱা ১৬ মাৰ্চত বন্ধুৰ সৈতে পুৰীলৈ তীৰ্থযাত্ৰা কৰিবলৈ গৈছিল উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ নিৱাসী ৬০ বৰ্ষীয় অপৰ্ণা দাসে।

তীৰ্থ ভ্ৰমণলৈ যোৱাৰ সময়তে অসুস্থতা অনুভৱ কৰি থকা মহিলাগৰাকীয়ে পুৰীত উপস্থিত হোৱাৰ পিছতে জ্বৰত আক্ৰান্ত হয়।

ইয়াৰ পিছতে তেওঁক সহযাত্ৰীয়ে পুৰীৰ চিকিৎসালয়ত ভৰ্তি কৰায় আৰু তাত অপৰ্ণা দাস এনকেফেলাইটিছ ৰোগত আক্ৰান্ত বুলি ধৰা পৰে।

পুৰীৰ হাস্পতালতে ৪ দিন চিকিৎসাধীন হৈ থকাৰ পিছত শনিবাৰে মৃত্যু ঘটে অসমৰ মহিলাগৰাকীৰ।

ইফালে বহিঃৰাজ্যত মহিলাগৰাকীৰ মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰীৰ তৎপৰতাত তেওঁৰ মৃতদেহ এয়াৰ এম্বুলেন্সযোগে স্বগৃহলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।

জানিব পৰা মতে, অবিবাহিতা অপৰ্ণা দাসে নিজৰ ঘৰতে এখন ইণ্টাৰনেট কেফে চলাই আছিল।

মহিলাগৰাকীৰ মৃত্যুৱে সমগ্ৰ উত্তৰ গুৱাহাটীতে শোকৰ ছাঁ পেলাইছে।