অসম

শূন্যৰ দিশে কংগ্ৰেছ! ৰূপজ্যোতি-সুশান্তৰ পিছত এইবাৰ BJPলৈ কোন? ৰূপজ্যোতি কুৰ্মীয়ে দিলে ইংগিত…

অসম প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে ব্যাপক খহনীয়া।

এজনৰ পিছত আনজন কংগ্ৰেছী বিধায়কে দল ত্যাগ কৰি যোগদান কৰিছে বিজেপিক।

মৰিয়নীৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু থাওৰাৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁইয়ে বিজেপিত যোগদান কৰাৰ পিছতে আন এজন উজনিৰ বিধায়কৰ নাম এইবাৰ চৰ্চা লাভ কৰিছে।

ন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে দিয়া এক খবৰে ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰূপজ্যোতি কুৰ্মীৰ ইংগিত- তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱা আহিব BJPলৈ। অৱশ্যে এই কথা এতিয়াও আনুষ্ঠানিক হোৱা নাই।

কেৱল ভাস্কৰ বৰুৱাই নহয়, সময়ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও নিজে BJPলৈ আহিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

কিন্তু কুৰ্মীৰ এই দাবীক নাকচ কৰিলে প্ৰদেশ কংগ্ৰেছৰ নতুন কাৰ্যবাহী সভাপতি জাকিৰ হুচেইন চিকদাৰে।

তেওঁৰ মতে আৰু কোনো বিধায়ক বিজেপিলৈ নাযায়। সেয়া নিশ্চিত।

চিকদাৰে লগতে কয়- কোনোয়ে যাব খুজিলে ধৰি ৰাখিব নোৱাৰি। বিজেপিয়ে বিভিন্ন প্ৰকাৰে বিৰোধী শূন্য কৰিব বিচাৰিছে।

উল্লেখযোগ্য যে এই পৰ্যন্ত খালী হৈছে মৰিয়নি, মাজুলী, থাওৰা, গোসাঁইগাঁও, তামোলপুৰ সমষ্টিৰ আসনকেইখন৷

ইফালে বিশেষ চৰ্চা লাভ কৰি থকা AIUDFৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে দল আৰু বিধায়ক পদ এৰি যদি BJPত যোগ দিয়ে, তেন্তে খালী হোৱা আসনৰ সংখ্যা হ’বগৈ ৬ খন৷

আ ৰূপজ্যোতি কুৰ্মীয়ে দিয়া ইংগিতৰ দৰে যদি তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাই দল আৰু বিধায়ক পদ এৰে; তেন্তে খালী হোৱা আসনৰ সংখ্যা হ’বগৈ ৭খন৷

Leave a Reply

Your email address will not be published. Required fields are marked *