‘শুদ্ধকৈ গীত গাব লাগে’- জুবিনলৈ প্ৰবীণ কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ পৰামৰ্শ, ৰাজ্যজুৰি চৰ্চা…

জুবিন গাৰ্গে গোৱা এটা গানক লৈ প্ৰবীণ কণ্ঠশিল্পী দ্বীপেন বৰুৱাই কৰা এক মন্তব্যক লৈ শেহতীয়াভাৱে ৰাজ্যজুৰি চলিছে চৰ্চা।

নলবাৰীত কণ্ঠশিল্পী দ্বীপেন বৰুৱাই কয়- জুবিন গাৰ্গে এটা পুৰণি গীত ভুলকৈ গাইছে। গীতৰ কথা ভুল হ’লে গীতিকাৰক অশ্ৰদ্ধা কৰা যেন হয়। শুদ্ধকৈ গীত গাব লাগে।

উল্লেখ্য যে, ‘ড০ বেজবৰুৱা ২’ চলচ্চিত্ৰখনত জুবিন গাৰ্গে গোৱা এটা গীতৰ কথা আৰু সুৰ অশুদ্ধ বুলি উল্লেখ কৰি এই মন্তব্য কৰিছিল বৰুৱাই।

বৰুৱাই লগতে কয়- ‘মই দোষ নিদিওঁ, বেয়া বুলিও নকওঁ, গানত নতুনত্ব আনিব পাৰে, কিন্তু গানৰ কথাৰ কিছুমান শব্দ ভুলকৈ গোৱা হৈছে। সেই কথাই আমাক কষ্ট দিয়ে।”

উদাহৰণস্বৰূপে এলি আহমেদৰ গীতৰ কথাত থকা ‘মৌ’ শব্দটো ‘মোক’ বুলি গোৱাৰ কথা উল্লেখ কৰে বৰুৱাই।

তেওঁ কয়, কোনো গানৰ গীতিকাৰ আৰু সুৰকাৰ জীৱিত থকা অৱস্থাত কিছুমান কথা সুধিব পাৰে। গাৰ্গে আচলতে সেইখিনি কৰিব পাৰিলে হয়।

অৱশ্যে প্ৰবীণ সংগীতশিল্পীগৰাকীয়ে এই কথাক লৈ কোনো বিতৰ্ক হোৱাটো নিবিচাৰে বুলিও উল্লেখ কৰে।

অৱশ্যে এই সন্দৰ্ভত জুবিন গাৰ্গে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।