অসম

শীঘ্ৰেই আৰম্ভ হ’ব নৱম আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠদানঃ মুখ্যমন্ত্ৰী…

ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে কৰ’ণাৰ সংক্ৰমণ।

কৰ’ণাৰ সংক্ৰমণৰ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰেও ক’ভিড নীতি নিৰ্দেশনাত শিথিলতা আনিছে।

বিদ্যালয়, মহাবিদ্যালয় সমূহৰ ক্ষেত্ৰটো প্ৰদান কৰা হৈছে কিছু শিথিলতা।

যাৰ পৰিপেক্ষিতত শীঘ্ৰেই আৰম্ভ হ’ব নৱম আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠদান।

এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- ক’ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থাত থাকিলে ১ অক্টোবৰৰ পৰা নৱম শ্ৰেণী, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হ’ব।

উল্লেখ্য যে, যোৱা ২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে দশম শ্ৰেণী, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ পাঠদান।

Leave a Reply

Your email address will not be published. Required fields are marked *