অসম

নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড, দাওঁদাওঁকৈ জ্বলিল এখন চাহৰ দোকান…

নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড।

নুনমাটি বাছ ষ্টেণ্ডৰ ওচৰৰ এখন চাহৰ দোকানত সংঘটিত হ’ল এই অগ্নিকাণ্ড।

দাওঁদাওঁকৈ জ্বলিল এখন চাহৰ দোকান।

দোকান খনৰ গৰাকীৰ নাম নৰেন বৈশ্য বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ ফলত দোকানখন সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অৱশেষত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সম্পূৰ্ণ ৰূপে দোকান খন ভস্মীভূত হৈ যায়।

কথমপি ৰক্ষা পৰে দোকানখনৰ গৰাকীৰ লগতে, দোকানখনত উপস্থিত থকা লোকসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *