অসম

শিৱসাগৰৰ শতাব্দী কলিতাৰ শিৰত জিলিকিল লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ…

ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনৰ ২০২২ৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ দখল কৰিলে শিৱসাগৰৰ শতাব্দী কলিতাই।

শিৱসাগৰৰ শতাব্দী কলিতাই পিন্ধিলে লতাশিল বিহু সম্ৰাজ্ঞীৰ মুকুট।

 গুৱাহাটী বিহু সন্মিলনী ২০২২ৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ দখল কৰিলে শিৱসাগৰৰ শতাব্দী কলিতাই।

বৰ্তমান শতাব্দী কলিতা ইংৰাজী আৰু লাইব্ৰেৰী চাইন্সৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী।

সেইদৰে গুৱাহাটী বিহু সন্মিলনী ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বিহুৰাণীৰ সন্মান লাভ কৰে মৰাণৰ নিমিষা দিহিঙীয়া আৰু শ্ৰেষ্ঠ বিহুকুঁৱৰীৰ সন্মান লাভ কৰিছে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁইয়ে৷

 সেইদৰে গুৱাহাটী বিহু সন্মিলনী ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বিহুৰাণী আৰু শ্ৰেষ্ঠ বিহুকুঁৱৰীৰ সন্মান লাভ কৰিছে ক্ৰমে মৰাণৰ নিমিষা দিহিঙীয়া আৰু ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁইয়ে৷

আনহাতে শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰে নয়ন জ্যোতি বৰাই। তেওঁ লাভ কৰে ১০ হাজাৰ টকা, বটা আৰু মানপত্ৰ।

শ্ৰেষ্ঠ পেপা বাদকৰ সন্মান লাভ কৰে দেবজিত তামুলীয়ে। তেওঁ লাভ কৰে ১০ হাজাৰ টকা, বটা আৰু মানপত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *