শিশু শ্ৰমিকৰ ওপৰত অকথ্য নিৰ্যাতন, ছ’চিয়েল মিডিয়াত ভাইৰেল চাঞ্চল্যকৰ ভিডিঅ’, এজনক গ্ৰেপ্তাৰ…

শিশু শ্ৰমিকৰ ওপৰত অকথ্য নিৰ্যাতন।

নিৰ্যাতনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।

জানিব পৰা মতে ডিব্ৰুগড়ৰ এখন হোটেলত কাম কৰা এজন শিশু শ্ৰমিকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে এজন ব্যক্তিয়ে।

অবিনাশ গোৱালা নামৰ লোকজনে এখন বাইকৰ বাবে প্ৰায় ১০ বছৰীয়া শিশুটিক প্ৰহাৰ কৰে।

লোকজনে চৰ,কিল, ভুকুৰে উপৰ্যুপৰি আক্ৰমণ চলাই শিশুটিৰ ওপৰত। লোকজনে শিশুটিৰ ডিঙি চেপাৰ চেষ্টাও কৰে।

ডিব্ৰুগড়ৰ নগাঘূলি গ্ৰীণউদ চাহবাগিচাতৰ এখন হোটেলত সংঘটিত হৈছে এই ঘটনা।

এখন বাইক পাৰ্কিঙক লৈ এই ঘটনা সংঘটিত হয়।হোটেলৰ সন্মুখত অবিনাশে ৰখাই থোৱা বাইক খন আঁতৰাই ৰাখিছিল শিশুটিয়ে।  

সেই কথাতে খঙত অগ্নিশৰ্মা হৈ শিশুটিক এটি নিৰ্মমভাৱে প্ৰহাৰ কৰে অবিনাশে।

এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে অৱশেষত লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অবিনাশ গোৱাল নামৰ যুৱকজনক।

আৰক্ষীয়ে লগতে ডিব্ৰুগড় গ্ৰীনউড চাহ বাগিচাৰ বিকি গুপ্তা নামৰ লোকজনকো গ্ৰেপ্তাৰ কৰিছে।

শিশু শ্ৰমিক ৰখোৱাৰ অপৰাধত আৰক্ষীয়ে হোটেলৰ স্বত্বাধিকাৰী বিকি গুপ্তাকো গ্ৰেপ্তাৰ কৰিছে।

Leave a Comment