শিলচৰ মেডিকেল কলেজৰ অধীক্ষকসহ ৫ গৰাকী চিকিৎসকৰ দেহত ক’ভিডৰ উপস্থিতি…

ৰাজ্যত পুনৰ বৃদ্ধি হৈছে ক’ভিডৰ সংক্ৰমণ।

শিলচৰ মেডিকেল কলেজৰ অধীক্ষকসহ ৫ গৰাকী চিকিৎসকৰ দেহত ক’ভিডৰ উপস্থিতি।

জানিব পৰা মতে, চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডা: অভিজিত স্বামী আৰু আন ৪ জন চিকিৎসক ক’ভিডত আক্ৰান্ত হৈছে।

ক’ভিডত আক্ৰান্ত হোৱা চিকিৎসক কেইজন হ’ল ডা: ৰিতুৰাজ ঠাকুৰীয়া, প্ৰদীপ চৌধুৰী, পবিত্ৰ বৰুৱা আৰু অজিত দে।

ইয়াৰে ৰিতুৰাজ আৰু অজিত নামৰ চিকিৎসক দুজনক হাস্পতালখনৰে ক’ভিড ৱাৰ্ডত ৰখা হৈছে।

আনহাতে আন তিনিজনক হোম আইছোলেচনত ৰখা হৈছে।

মহাবিদ্যালয়খনৰ ৫ জন চিকিৎসৰ দেহত একেলগে কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পাছত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে।

ইফালে আটাইকেজনৰে নমুনা অ’মিক্ৰণ পৰীক্ষাৰ কাৰণে পঠোৱা হৈছে।

লগতে চাওকঃ

অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১৫ নম্বৰ অভিযুক্তক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ

Leave a Comment