অসম

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেলঃ অক্টোবৰত অনুষ্ঠিত হ’ব টেট পৰীক্ষা…

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদ মেল।

সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰীগৰাকীয়ে।

অক্টোবৰ মাহত টেট পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- আমি এক লাখ নিযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িছো। ২০২০ চনৰ টেট পৰীক্ষা ২০২১ ত পাতিম।

উল্লেখ্য যে, বি এড বা ডি এল এডৰ চূড়ান্ত বৰ্ষৰ প্ৰাৰ্থীয়েও আবেদন কৰিব পাৰিব টেট পৰীক্ষাৰ বাবে।

শিক্ষানুষ্ঠান সমূত ২৫ শতাংশ আসন বৃদ্ধিৰ বাবে আহ্বান জনোৱাৰ কথা সদৰি কৰে সংবাদমেলত।

আন্তঃগাঁথনি থকা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে এইবাৰৰ পৰা একাদশ শ্ৰেণী আৰম্ভ কৰিব পাৰিব৷

আনহাতে চৰ্ত ভিত্তিত উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, এই ক্ষেত্ৰত উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰয়োজনীয় আন্তঃগাঁথনি থাকিব লাগিব।

উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫ কিলোমিটাৰ ভিতিৰত যদি কোনো উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় আছে তেন্তে তেনে শিক্ষা প্ৰতিষ্ঠানক আপগ্ৰেড কৰাৰ পদক্ষেপ লোৱা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *