শিক্ষাগুৰুৰ জঘন্য কাণ্ড! অসৎ উদ্দেশ্যেৰে নিজৰেই বিদ্যালয়ৰ ছাত্ৰীক অপহৰণ কৰিলে শিক্ষক জাকিৰে…

এক চাঞ্চল্যকৰ ঘটনা।

বিদ্যালয়ত শিক্ষকৰ ওচৰতেই সুৰক্ষিত নহয় ছাত্ৰী।

অসৎ উদ্দেশ্যেৰে নিজৰেই বিদ্যালয়ৰ ছাত্ৰীক অপহৰণ কৰিলে এগৰাকী শিক্ষকে।

শিক্ষকতাৰ দৰে মহান বৃত্তিত কলংক সনা এই জঘন্য ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত।

অঞ্চলটোৰ বান্ধৱপাৰাৰ বাসিন্দা তথা চৰকাৰী বিদ্যালয়ৰ শিক্ষক জাকিৰ হুছেইনে নিজৰ বিদ্যালয়ৰে এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক অপহৰণ কৰাৰ অভিযোগ উঠিছে।

ঘটনা সন্দৰ্ভত নাবালিকা ছাত্ৰী গৰাকীৰ পৰিয়ালে ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।

এজাহাৰৰ ভিত্তিত মঙলবাৰে নিশা বিলাসীপাৰা আৰক্ষীৰ সহযোগত বন্দিহানা আৰক্ষীয়ে নাবালিকা ছাত্ৰী গৰাকীক গোপনে বন্দী কৰি ৰখা অৱস্থাত কৃষ্ণনগৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত বাহিৰ শালমাৰা এম ভি স্কুলত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পিছতে ১৩ বছৰীয়া ছাত্ৰীগৰাকীক বিদ্যালয় খনৰ সহকাৰী শিক্ষক জাকিৰ হুছেইনে ফুচুলাই নি বিলাসীপাৰাৰ আনন্দ নগৰত থকা তেওঁৰ আত্মীয় ময়জুদ্দিনৰ ঘৰত বন্দী কৰি ৰাখে।

অসৎ চৰিতাৰ্থ পূৰনৰ উদ্দেশ্যে লম্পট শিক্ষক জনে এইদৰে ছাত্ৰী গৰাকীক অপহৰণ কৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

সম্প্ৰতি লম্পট শিক্ষক জাকিৰ হুছেইন পলাতক অৱস্থাত আছে।

শিক্ষাৰ পোহৰ বিলোৱা স্বয়ং শিক্ষাগুৰু এজনৰ এনে নিৰ্লজ্জ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিলাসীপাৰাত। ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে।