অসম

শিক্ষয়িত্ৰীক ৰাজহুৱা অপমানঃ জিলা উপায়ুক্তৰ উপস্থিতিত আজি ৰাজহুৱা সভা…

শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ অপমান কৰা কাণ্ডই জোঁকাৰিছে সমগ্ৰ ৰাজ্য।

ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা খুজিছে সদৌ অসম ছাত্ৰ সন্থাই।

ইফালে ঘটনাৰ সন্দৰ্ভত আজি  তিনিচুকীয়া জিলাৰ ফিল’বাৰীত অনুষ্ঠিত হ’ব ৰাজহুৱা সভা।

ফিল’বাৰীৰ চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ত অনুষ্ঠিত হ’ব এই সভা।

তিনিচুকীয়া জিলাৰ উপয়ুক্ত উপস্থিত থাকিবলগীয়া উক্ত সভাত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বৰ্তমানৰ শিক্ষাৰ্থী আৰু অভিভাৱক, ৰাইজো উপস্থিত থাকিব।

বৰ্ধিত মাছুলৰ লগতে সংঘটিত হৈ যোৱা অনাকাংক্ষিত ঘটনাক লৈ হ’ব আলোচনা।

উল্লেখ্য যে, ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিৰদা বৰাক আঠু কাঢ়িবলৈ বাধ্য কৰোৱা ছাত্ৰ সংগঠনকেইটা কটু সমালোচনাৰ সন্মুখীন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *