শােকাৱহ! ৰে’লৰ ইঞ্জিনৰ সৈতে সংঘৰ্ষত নিঃশেষ হ’ল বাহনত থকা চন্দ্ৰ কলিতাৰ পৰিয়াল…

নিউজ ডেস্ক। ৰে’ল বিভাগে গাঁত খান্দি বন্ধ কৰি দিয়া এটা পথেৰে ৰে’লপথ অতিক্ৰম কৰিয়েই ভয়ংকৰ বিপদত পৰিল এটা পৰিয়াল।

ৰে’ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহূৰ্ততে ধ্বংস হ’ল টাটা জেষ্ট বাহনত থকা চন্দ্ৰ কলিতাৰ ৩ জনীয়া পৰিয়াল।

থিতাতে প্ৰাণ হেৰুৱালে চন্দ্ৰ কলিতা (জােনটি), সহধৰ্মিণী নীলিমা কলিতা আৰু একমাত্ৰ পুত্ৰ নীলাভ নয়ন।

নগাঁৱৰ পুৰণিগুদামত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

513
শােকাৱহ! ৰে’লৰ ইঞ্জিনৰ সৈতে সংঘৰ্ষত নিঃশেষ হ’ল বাহনত থকা চন্দ্ৰ কলিতাৰ পৰিয়াল... 3

পুৰণিগুদামৰ বিষয়াচুকত ৰে’ল লাইন পাৰ হ’বলৈ ধৰা অৱস্থাত ৰে’লে মহটিয়াই নিয়ে AS02 N4402 পঞ্জীয়ন নম্বৰৰ টাটা জেষ্ট বাহনখন।

ৰে’ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত গাড়ীখন ধ্বংসস্তূপত পৰিণত হয়। উল্লেখ্য যে এই বাহনখন চন্দ্ৰ কলিতাৰ পত্নী নীলিমা কলিতাৰ নামত পঞ্জীকৃত।

পৰিয়ালটোৰ ঘৰ আছিল পুৰণিগুদাম তেলীয়া গাঁৱত।

উল্লেখ্য যে, সেই স্থানত ৰে’ল গেট নিৰ্মাণৰ বাবে ৰাইজে বহুদিন ধৰি দাবী জনাই আহিছিল যদিও ৰে’ল কৰ্তৃপক্ষই ৰেলৱে ক্ৰচিঙটোত গাঁত খান্দি আহ-যাহ বন্ধহে কৰি দিছিল।

G4 5
শােকাৱহ! ৰে’লৰ ইঞ্জিনৰ সৈতে সংঘৰ্ষত নিঃশেষ হ’ল বাহনত থকা চন্দ্ৰ কলিতাৰ পৰিয়াল... 4

কিন্তু লাহে লাহে পুনৰ সেই গাঁত সমান হৈ পৰাত উক্ত পথেৰে পুনৰ যান-বাহন চলাচল আৰম্ভ হয়।

দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ আছিল- AS02 N4402।

এনেদৰে এটা পৰিয়াল নিমিষতে শেষ হৈ যোৱা ঘটনাই সমগ্ৰ নগাঁৱতেই শোকৰ ছা পেলাইছে।

লগতে চাওকঃ চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল