অসমঅসমীয়া

শােকাৱহ! শাহু আইৰ শেষকৃত্য সম্পন্ন কৰিবলৈ আহি জোঁৱাইৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। নিজ শাহু আইৰ শেষকৃত্য সম্পন্ন কৰাৰ পাছতে মৃত্যু ঘটিল জােঁৱাইৰ।

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আশুডুবিত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

জানিব পৰা মতে, বুধবাৰৰ নিশা শাহু আইৰ মৃত্যুৰ খবৰ পাই বৃহস্পতিবাৰে পুৱাই শাহুৰ ঘৰলৈ যাত্ৰা কৰিছিল গুৱাহাটীৰ ওদালবাক্ৰা নিবাসী জোঁৱাই প্ৰবীৰ সূত্ৰধৰে।

G1

ইয়াৰ পাছতে উপস্থিত হৈছিল গোৱালপাৰাৰ কৃষ্ণাই আশুডুবি স্থিত শাহু আইৰ ঘৰত।

ইয়াৰ পাছতে বৈদিক ৰীতি অনুসৰি স্থানীয় শ্মশানত সম্পন্ন কৰা হ’ল শাহু আইৰ অন্ত্যেষ্টিক্ৰিয়া।

কিন্তু চৰণেহে জানে মৰণৰ ঠাই….! শেষকৃত্য সম্পন্ন কৰি বিয়লি দুইমান বজাত কাষতে থকা কৃষ্ণাই নৈত ভাগিনৰ সৈতে গা ধুবলৈ গৈছিল প্ৰবীৰ সূত্ৰধৰে।

কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰবীৰ সূত্ৰধৰে থিয় গড়াৰ পৰা নৈত পিচলি পৰি সন্ধানহীন হয়।

পিচত আৰক্ষী আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰে প্ৰবীৰৰ মৃতদেহ।

ইয়াৰ পিছতে আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গোৱালপাৰালৈ প্ৰেৰণ কৰে ৷

এই ঘটনাই কৃষ্ণাই অঞ্চলত গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

সদ্যজাত কন্যা সন্তানৰ মুখ এবাৰাে দেখা নাপালে দেৱীলালে! ঘৰলৈ ওভতাৰ পথত বৃদ্ধ পিতৃ-মাতৃৰ সৈতে হেৰুৱালে প্ৰাণ

চান্দা তুলি শিল্পীক ধন দিব নালাগেঃ জুবিন গাৰ্গ

Leave a Reply

Your email address will not be published. Required fields are marked *