শােকাৱহ! ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰােহী BSF জােৱান বিপুলৰ

নিউজ ডেস্ক। বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰে’লৱে অভাৰব্ৰীজত শোকাৱহ পথ দুৰ্ঘটনা।

ট্ৰাক আৰু বাইকৰ মাজত প্ৰচণ্ড সংঘৰ্ষ।

ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী।

photo 2022 11 14 15 41 18
শােকাৱহ! ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰােহী BSF জােৱান বিপুলৰ 2

নিহত বাইক আৰোহী বাক্সাৰ বাৰপেটাৰ BSF জোৱানজন বিপুল স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আটক কৰিবলৈ সক্ষম হয় বজালী আৰক্ষী।

জানিব পৰা মতে, বিএছএফৰ ১২ নং বেটেলিয়নত কৰ্মৰত বিপুল স্বৰ্গীয়াৰী নিজ কন্যা সন্তানৰ জন্মদিন উদযাপনৰ বাবে যােৱা ১১ নৱেম্বৰত ছুটী লৈ ওড়িষ্যাৰ পৰা ঘৰলৈ আহিছিল।

এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ বিএছএফ জােৱানজনৰ নশ্বৰ দেহ নিজ ঘৰত আহি পােৱাৰ লগে লগে এক শােকাকুল পৰিৱেশৰ সৃষ্টি হয়।