অসম

শােকাৱহ! অবৈধ বৈদ্যুতিক ফান্দত পৰি বনৰীয়া হাতীৰ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা।

এইবাৰ মহানগৰীৰ সমীপৱৰ্তী ৰাণীত বন্যহস্তীৰ কৰুণ মৃত্যু।

ৰাণী সংৰক্ষিত বনাঞ্চলৰ অসম-মেঘালয় উদয়পুৰত সংঘটিত হৈছে এই ঘটনা।

ধাননী পথাৰত অবৈধভাৱে স্থাপন কৰা বৈদ্যুতিক ফান্দত পৰি বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু এটা বনৰীয়া হাতীৰ।

জানিব পৰা মতে, ৰামেশ্বৰ কলিতা নামৰ খেতিয়কজনে এই বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবেই নিজৰ খেতি ডৰাত স্থাপন কৰিছিল বৈদ্যুতিক ফান্দ।

অভিযােগ অনুসৰি, স্থানীয় বিদ্যুৎ কৰ্মীয়ে ধনৰ বিনিময়ত উক্ত স্থানত সংযোগ কৰাইছিল বিদ্যুৎ সংযোগ।

যাৰ ফলত বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত হৈছে এই ঘটনা।

ঘটনাস্থলীত ৰাণী বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *