অসম

লাভলীনা বৰগোহাঁইক শিক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে নিযুক্তি…

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিশেষ ঘোষণা।

ভাৰত গৌৰৱ লাভলীনা বৰগোহাঁইক ৰাজ্যৰ শিক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে নিযুক্তি।

মন্ত্ৰী ৰনোজ পেগুৱে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে।

তেওঁ কয়- লাভলীনা বৰগোঁহাইয়ে শিক্ষাক আগুৱাই নিয়াত সহায় কৰিব। বিশেষকৈ শিক্ষাৰ বাবে নাৰীসকলকো অনুপ্ৰাণিত কৰিব।

আনহাতে ২৩ হাজাৰ শিক্ষক নিযু্ক্তিৰ বিজ্ঞাপন ৯ তাৰিখে মুকলি হব বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে তেওঁ কয়- স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ২০৯ বিদ্যালয়লৈ ৩ কোটি টকাকৈ আন্তঃগাঠনি উন্নতিৰ বাবে আৱণ্টন দিয়া হব। ২৫০০ খন বিদ্যালয়লৈ ৫০ লাখকৈ টকা আন্তঃগাঁঠনিৰ বাবে দিয়া হব।

স্মাৰ্ট ক্লাছৰ কোঠা নিৰ্মাণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা হৈছে। প্ৰতিখন শিক্ষা প্ৰতিস্থানত স্মাৰ্ট ক্লাছৰ কোঠা নিৰ্মাণ কৰি তথ্য প্ৰযুক্তিৰে শিক্ষা প্ৰদান কৰা হব বুলি মতপোষণ।

Leave a Reply

Your email address will not be published. Required fields are marked *