মঙলবাৰে লখিমপুৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত প্ৰাকৃতিক কৃষি পাম সন্দৰ্ভত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়।
লখিমপুৰ জিলাৰ উপায়ুক্ত সুমীত সাত্তাৱনে উদ্বোধন কৰা সভাখনত গাঁওপ্ৰধান সকলক প্ৰাকৃতিক কৃষিৰ ওপৰত সজাগতা প্ৰদান কৰা হয়। কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (আতমা), লখিমপুৰ জিলা কৃষি বিভাগে আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰত মাটিৰ উৰ্বৰতা শক্তি ব্যাহত নোহোৱাকৈ বা কৃত্ৰিম ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ কিদৰে সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰা সাৰ কৃষি কাৰ্যত ব্যৱহাৰ কৰিব পাৰি সেই সন্দৰ্ভত বিশদ ভাবে আলোচনা কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকি জিলাখনৰ উপায়ুক্ত সুমীত সাত্তাৱনে কয় যে, ‘বৰ্তমান চৰকাৰে কৃষিখণ্ডৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিছে। এই ক্ষেত্ৰত গাঁও প্ৰধনসকলে কৃষকসকলক সজাগ কৰিব লাগে। কৃষকৰ সমস্যা সমাধানৰ ওপৰত গাওঁপ্ৰধানসকলে পথ দেখুৱাব লাগে।’
উপায়ুক্ত সাত্তাৱনে লগতে চৰকাৰী আঁচনিৰ সুবিধা ল’বলৈ প্ৰকৃত কৃষকক চিনাক্ত কৰিবলৈ গাঁও প্ৰধানসকলক আহ্বান জনায়।

আজিৰ এই প্ৰশিক্ষণ শিবিৰৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ বিষয়বস্তু বিশেষজ্ঞ ডo নম্ৰতা কাশ্যপ, লখিমপুৰ জিলা কৃষি বিষয়া মোহন ডেকা বৰুৱা, মাধৱদেৱ এফ পি চিৰ দেৱব্ৰত খাৰঘৰীয়া, মহকুমা কৃষি বিষয়া (উদ্যান শস্য) দেৱজিৎ দত্ত, এপাৰ্টৰ জিলা নডেল বিষয়া বানেশ্বৰ বে আৰু আতমাৰ উপ প্ৰকল্প সঞ্চালক ড০ ভাস্বতী ভট্টাচাৰ্যই।
উল্লেখ্য যে, আজিৰ দিনটোতে জিলা কৃষি বিভাগৰ কাৰ্যালয়ত উপায়ুক্ত সুমীত সাত্তাৱনে ফ্লেগ জোঁকাৰি ‘ফচল বীমা সপ্তাহ’ ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।









