অসমঅসমীয়া

যৌতুক দিব নোৱাৰাৰ বাবেই বিয়া বাতিল কৰিলে দৰাই, ওৰে নিশা কইনাৰ সাজত বহি থাকিল প্ৰিয়ংকা…

নিউজ ডেস্কঃ যৌতুক প্ৰথাৰ ভয়াবহ ছবিখনৰ বিষয়ে হয়তো আপুনি জ্ঞাত।

যৌতুকৰ বাবেই ভাৰতত স্বামীগৃহত নিৰ্যাতনৰ বলি হয় লাখ লাখ মহিলা। যৌতুকৰ বাবে ভাঙি যায় ঠিক হৈ থকা বিয়া।

যৌতুক দিব নোৱাৰাৰ বাবেই বহু কন্যাৰ পিতৃ-মাতৃয়ে আত্মহত্যাৰ পথ বাচি ল’বলগীয়া হয়। যৌতুকৰ বাবেই আজিও ভাৰতীয় সমাজ ব্যৱস্থাত কন্যাক বোজা বুলি ধৰি লোৱা হয়।

যৌতুকৰ বাবেই এইবাৰ বিয়াৰ ৰভাতলীত উপস্থিত নহ’ল দৰা। এয়া উত্তৰ প্ৰদেশ বা বিহাৰৰ কাহিনী নহয়। এয়া এইখন অসমতে সংঘটিত হোৱা এক দুৰ্ভাগ্যজনক ঘটনা।

G5 7

দৰাচলতে পশ্চিম কাৰ্বিআংলং জিলাৰ বৈঠালাংছুৰ ৰঙাগড়া গাঁৱৰ প্ৰিয়ংকা ৰবিদাসৰ বিয়াখন ঠিক হৈছিল শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ পাপু দাস ওৰফে বিট্টু দাসৰ সৈতে। মঙলবাৰে আছিল বিয়াখন।

পিতৃহীনা যুৱতীগৰাকীৰ বিয়াৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছিল মোমায়েকে। ঘৰৰ গৰু-ছাগলী বিক্ৰী কৰি ভাগিনীয়েকক উলিয়াই দিয়াৰ সকলো জা-জোগাৰ কৰিছিল মোমায়েকে। দৰাক আদৰিবলৈও কোনো ক্ৰুটি ৰখা নাছিল কইনাঘৰৰ পৰিয়ালে।

নিশা দৰা অহাৰ কথা আছিল। কিন্তু ওৰে নিশা কইনাৰ সাজত প্ৰিয়ংকাই সাজি কাচি ৰৈ থকাৰ পিছতো দৰা নাহিল। কইনাঘৰক দাবী কৰা যৌতুক লাভ নকৰাৰ বাবেই শেষ মুহূৰ্তত বিয়া কৰাবলৈ অমান্তি হয় দৰা বিট্টু দাসে।

অভিযোগ অনুসৰি, বিট্টু দাসৰ পৰিয়ালে কইনাৰ পৰিয়ালৰ পৰা যৌতুকত বিচাৰিছিল এখন বাইক, সোণৰ চেইন আৰু সোণৰ আঙুঠি।

কিন্তু অতি দুখীয়া কইনাৰ মোমায়েকে দৰাপক্ষৰ দাবী পূৰণ কৰিবলৈ সক্ষম নোহোৱাত অৱশেষত বিয়া বাতিল কৰে দৰাই।

এই ঘটনাই এতিয়া সমগ্ৰ বৈঠালাংছুত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। যৌতুকৰ বাবে এনেদৰে বিয়াৰ নিশা বিয়া বাতিল কৰাৰ দৰাৰ মানসিকতাত ধিক্কাৰ দিছে ৰাইজে।

ওৰে নিশা হোমৰ গুৰিত বহি ৰ’ল কইনা। কিন্তু নাহিল দৰা।

ইপিনে, এই ঘটনাক লৈ এজাহাৰ দাখিল কৰিছে কইনা ঘৰৰ লােকে।

Leave a Reply

Your email address will not be published. Required fields are marked *